গুৱাহাটীঃ কভিডত আক্ৰান্ত হৈ গায়িকা পাৰবীন পৰীৰ মৃত্যু।

শনিবাৰে গুৱাহাটীৰ জিএনআৰচিত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লয় কণ্ঠশিল্পী গৰাকীয়ে।

মৃত্যুৰ সময়ত পাৰবিন পৰীৰ বয়স আছিল মাত্ৰ ৩২ বছৰ।

কিছুদিন পূৰ্বে ৰোজা ৰাখি গীত পৰিবেশন কৰি থকাৰ মাজতে অসুস্থ হৈ পৰিছিল পাৰবিন।

হৃদৰোগত হৈ আক্ৰান্ত থকা কণ্ঠশিল্পীগৰাকীৰ কভিডত পৰীক্ষাৰ ফলাফলত কভিড আক্ৰান্ত বুলিও জানিব পৰা গৈছে।

দুদিন পূৰ্বে কভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল গায়িকা গৰাকীৰ পিতৃ।

কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ সংগীতজগততে শোকৰ ছাঁ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply