নিউজ ডেস্কঃ অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসৰ দেহাৱসান।

আজি সন্ধিয়া ৭ বাজি ৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে।

কভিডত আক্রান্ত হৈ কালাপাহাৰস্থিত কভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল ভিতালী দাস।

সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী।

১৬ এপ্ৰিলত কভিডত আক্ৰান্ত হৈছিল শিল্পীগৰাকী। লক্ষণীয় যে, বুধবাৰৰ দিনটোতে কোভিড নিগেটিভ ৰিজাল্ট আহিছে ভিতালী দাসৰ।

উল্লেখ্য যে,৬ জুন ১৯৭৯চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল জনপ্ৰিয় শিল্পীগৰাকীয়ে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪২বছৰ।

প্ৰায় ৫০০০ৰো অধিক অসমীয়া গীতত কন্ঠদান কৰিছে ভিতালী দাসেয়ে।

জুবিন গাৰ্গৰ লগতো বহু কেইটা বিহুগীতত কন্ঠদান কৰিছে ভিতালীয়ে।

ভিতালীৰ মৃত্যুত সমগ্ৰ অসমীয়া সংগীতজগততে শোঁকৰ ছাঁ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply