গুৱাহাটী : জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ অৱস্থা সংকটজনক। কভিডত আক্রান্ত জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী কালাপাহাৰস্থিত কভিড হাস্পতালত চিকিৎসাধীন হৈ আছে। অতিকৈ সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি কৰোৱা হৈছে কণ্ঠশিল্পী ভিতালী দাসক।
কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে। দেশত প্ৰতিদিনে লাখ লাখ লোক আক্রান্ত হৈছে কভিডত। মৃত্যুৰ মুখত পৰি বহু লোক। দেশত কভিড পৰিস্থিতিয়ে ইমানেই ভয়াবহ ৰূপ ধাৰণ কৰিছে যে আক্রান্ত লোক সকলৰ চিকিৎসাৰ বাবে ঠাইৰ অভাৱ হৈছে চিকিৎসলায় সমূহত।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ভয়াবহ সংক্ৰমণ ঘটিছে কভিড মহামাৰীৰ। ইতিমধ্যে অসমত কভিড আক্রান্ত হৈ কেইবাগৰাকী লোকৰ মৃত্যু ঘটাৰ মাজতে ৰাজ্যৰ সংগীত জগতলৈ আহিছে এক বেয়া খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস কভিডত আক্রান্ত হৈছে।
কভিডত আক্ৰান্ত কণ্ঠশিল্পী ভিতালী দাস মহানগৰীৰ কালাপাহাৰস্থিত কভিড হাস্পতালত চিকিৎসাধীন হৈ আছে। কণ্ঠশিল্পী গৰাকীৰ অৱস্থা অতিকৈ সংকটজনক হৈ পৰাত কণ্ঠশিল্পী গৰাকীক আই চি ইউত ৰখা হৈছে। কণ্ঠশিল্পী গৰাকীক যোৱা ১৪ এপ্ৰিলত চিকিৎসলায়ত ভৰ্তি কৰোৱা হৈছিল।
১৪ এপ্ৰিলত মহানগৰীৰ লতাশিল খেল পথাৰৰ বিহু অনুষ্ঠানত সংগীত পৰিবেশন কৰিবলৈ যোৱা সময়ত কণ্ঠশিল্পী গৰাকী অসুস্থ হৈ পৰিছিল। জানিব পৰা মতে ভিতালী দাস স্বামীৰ চিকিৎসাৰ বাবে চেন্নাইলৈ গৈছিল। ইফালে একাংশ সংবাদ মাধ্যমত কণ্ঠশিল্পী গৰাকীক লৈ প্ৰকাশ পোৱা বাতৰিক অস্বীকাৰ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই।