নিউজ ডেস্ক: যোৱা ২৪ ছেপ্টেম্বৰৰ নিশা আধ্যাত্মিক নেতা সদগুৰুৰ সৈতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী কৰাকলৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ মুখ্য মন্ত্ৰীৰ মাত মাতিছে জুবিন গাৰ্গে।

মঙলবাৰে নগাঁৱত সাংবাদিকৰ আগত জুবিনে মুখ্য মন্ত্ৰীৰ নৈশ কাজিৰঙা ভ্ৰমণ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াত আপত্তি কৰিব লগীয়া কোনো কথা নাই বুলি মতপোষণ কৰে।

তেওঁ কয়, “নিশা যাব পাৰে। সময় লৈ কথা। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কামত ব্যস্ত থাকিব লগীয়া হয়, সেয়ে নিশাৰ সময়টো ল’বলগীয়া হৈছে।”

“মইয়ো নিশা গৈছো। মানসত মই নিশা প্ৰৱেশ কৰিছো। বাহিৰৰ দেশত নিশা যাব পাৰে, ইয়াতো কৰিব লাগে,” জুবিন গাৰ্গে লগতে কয়।

উল্লেখযোগ্য যে ২৪ ছেপ্টেম্বৰৰ নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উন্যানৰ ভিতৰত জীপ চাফাৰীত সদগুৰু আৰু মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও আছিল।

দেওবাৰে বোকাখাত আৰক্ষী থানাত সোণেশ্বৰ নৰহ আৰু প্ৰবীন পেগুৱে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি “বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ উলংঘনৰ” অভিযোগত তিনিওজনকে গ্ৰেপ্তাৰৰ দাবী জনাইছিল।

লগতে পঢ়ক – ধেমাজিৰ জোনাইত ভয়াৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন, এজন আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply