গুৱাহাটীঃ ৰাজ্যত পহিলা জুলাইৰ পৰা বন্ধ হ’ব ‘ছিংগল ইউজ’ প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ। প্লাষ্টিক বন্ধ কৰিবলৈ কঠোৰ হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ। দেশৰ পৰিৱেশ মন্ত্ৰণালয়ে বিগত বৰ্ষতে এই সন্দৰ্ভত সিদ্ধান্ত লৈছিল। পৰিৱেশ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি জুলাইৰ পৰা ‘ছিংগল ইউজ’ প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, বিক্রী, আমদানি, ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এক জাননী জাৰি কৰিছে। জাননীত উল্লেখ থকা অনুসৰি ১০০ মাইক্ৰণতকৈ পাতল পি ভি চি পেপাৰহে ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে। ইফালে পৰিষদৰ জাননীখনত উল্লেখ থকা অনুসৰি ৭৫ মাইক্ৰণতকৈ কম প্লাষ্টিকৰ বেগ অহা ৩১ ডিচেম্বৰলৈকেহে ব্যৱহাৰ কৰিব পাৰিব। ৩১ ডিচেম্বৰৰ পিছত ১২০ মাইক্ৰণতকৈ কম প্লাষ্টিক বেগো নিষিদ্ধ কৰা হৈছে।

এতিয়া জানো আহক ‘ছিংগল ইউজ’ প্লাষ্টিক কি?

‘ছিংগল ইউজ’ প্লাষ্টিক নামটোতে বুজা যায় যে এবাৰতকৈ অধিক ব্যৱহাৰ কৰিব নোৱাৰি বা কৰিব নালাগে। ‘ছিংগল ইউজ’ প্লাষ্টিক ভাৰততে বেছিকৈ ব্যৱহৃত হয়। ইয়াৰ ভিতৰত আছে চেম্পু-চাবোনৰ বটল,প্লাষ্টিকৰ গ্লাছ, প্লাষ্টিক কাপ, প্লাষ্টিক চামুচ, প্লাষ্টিক কাটা চামুচ, বেলুন, কেণ্ডী ষ্টিক, থাৰ্মকলৰ ডেকৰেচন কৰা সামগ্ৰী, আইচক্ৰীম ষ্টিক,চিগাৰেটৰ পেকেটৰ ওপৰত ব্যৱহৃত প্লাষ্টিক, ষ্ট্ৰ’,প্লাষ্টিক প্লেট, কাপ, গিলাচ, কাটলেৰী,১০০ মাইক্ৰনতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ ইত্যাদি। ২০২১ চনত অষ্ট্ৰেলিয়াত কৰা এক অধ্যয়নত দেখা গৈছে যে বিশ্বত ব্যৱহৃত সকলো প্লাষ্টিকৰ এক তৃতীয়াংশ একক ব্যৱহাৰৰ প্লাষ্টিকৰে নিৰ্মিত। মিঠাইৰ বাকচ, নিমন্ত্ৰণী পত্ৰ, চিগাৰেটৰ পেকেট, মম আদিতো প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব।

ইতিমধ্যে প্লাষ্টিক ৱেষ্ট মেনেজমেন্ট আইন,২০২১ ৰ অধীনত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ে কেইবাটাও কঠোৰ পদক্ষেপ লৈছে। উল্লেখ্য যে, ৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ,গেলামাল, ফল-মূল ব্যৱসায়ী, প্লাষ্টিক সামগ্ৰীৰ খুচুৰা পাইকাৰী ব্যৱসায়ীসকলক এই সমূহ নিৰ্দেশ মানি চলিবলৈ পৰিষদৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply