প্ৰবীণ বৰুৱা, মঙলদৈঃ ছিপাঝাৰত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত ট্ৰাক চালকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৱা কালি পুৱা তীব্ৰবেগী ট্ৰাকখনেৰে ৭জন লোকক মহতিয়াই নিয়াৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল চালক আৰু হেণ্ডিমেনে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ট্ৰাক চালকজনৰ নাম ছফিকুল ইছলাম তালুকদাৰ। উল্লেখ্য যে, প্ৰাতঃভ্ৰমণৰ বাবে ৰাজপথল ওলাই যোৱা লোক কেইজনক AS-11-BC-1555 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়াৰ পাছতে ৫জনকৈ লোকৰ মৃত্যু হয়।
ছিপাঝাৰ মহাবিদ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছিল এই দুৰ্ঘটনা। আৰু অৱশেষত দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰ দিনাই আৰক্ষীয়ে পলায়ন কৰা ট্ৰাকচালক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।