ছিপাঝাৰঃ ছিপাঝাৰ সমষ্টিৰ উত্তৰ দিশৰ একেবাৰে শেষ প্ৰান্তত আছে কটৰা নামৰ সীমামূৰীয়া গাওঁখন ৷ সেই অনগ্ৰসৰ গাওঁখনতেই আজিৰ পৰা তিনি বছৰ পূৰ্বে শিক্ষিত ১১ জন যুৱক যুৱতীয়ে ল’গ লাগি গঠন কৰিছিল – Association of Social and Humane Activist চমুকৈ ‘ আশা’ নামৰ এটি সম্পূৰ্ণ বেচৰকাৰী অনুষ্ঠান ৷

প্ৰথম অৱস্থাত নিজ গাৱঁৰ দুখীয়া লোকসকলক সহায় কৰাৰ পাছত লাহে লাহে ‘আশা’ই দৰং, কামৰূপ,বাক্সা, শোণিতপুৰ, কোকৰাঝাৰ আদি আনবোৰ জিলাত কামকাজবোৰ কৰিবলৈ আগবাঢ়ি আহে ৷

বিনামূলীয়া চকু চিকিৎসা শিবিৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ, দুখীয়া লোকসকলক বস্ত্ৰ প্ৰদান, ক’ভিড কালত ৫০০ শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ, ক’নটেইনমেন্ট জ’ন হিচাপে ঘোষিত ওদালগুৰিৰ সাৰেং গাঁৱত প্ৰায় তিনি লাখ টকাৰ খাদ্য সামগ্ৰী প্ৰদান, বিনামূলীয়াভাৱে দুখীয়া লোকক জোতা বিতৰণ, দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ জিলাৰ এহাজাৰ স্কুলীয়া ছাত্ৰছাত্ৰীক বিনামূলীয়াকৈ জোতা আৰু কাপোৰ প্ৰদান, ১০ হাজাৰ ছাত্ৰছাত্ৰীক বিনামূলীয়াকৈ চেন্দেল বিতৰণ, হাৰ্টৰ critical conditionত ভুগি থকা শিশুক বিনামূলীয়াকৈ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ উপৰিও শেহতীয়া ভাৱে ২২ খন হাইস্কুল আৰু হায়াৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীক চাৰ্ট বিতৰণ কৰে ‘আশা’ নামৰ বেচৰকাৰী সংস্থাটিয়ে ৷

লগতে পঢ়কঃনগদ দুই লক্ষাধিক টকাসহ চোৰে লুটি নিলে সোণৰ অলংকাৰ

বিভিন্ন ধৰণৰ সামাজিক কামকাজ কৰি ৩ বছৰত ভৰি দিয়া ‘আশা’ই যোৱা ৯ নৱেম্বৰৰ দিনাখন কটৰাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাক্সা জিলাৰ ৰঙিয়া সমষ্টিৰ গুৰমৌ নামৰ ঠাইত অত্যন্ত দুৰ্বিষহ জীৱন কটাই অহা মইনা ৰাজবংশী নামৰ ৮২ বছৰীয়া অকলশৰীয়া বৃদ্ধ গৰাকীৰ কাষত ঠিয় দি এই মহানুভৱতাৰ পৰিচয় দিলে সেয়া সচাকৈয়ে শলাগিবলীয়া ৷

কটৰাৰ কুশল কলিতাই ৰাজেশ সিন্ধু আৰু NGOৰ সমন্বয়ক ৰাজীৱ কলিতাক বৃদ্ধ গৰাকীৰ বিষয়ে জনোৱাৰ ঠিক চাৰিদিনৰ ভিতৰত মইনা ডেকাৰ ঘৰ সাজি দিয়াৰ লগতে মাটিত শুই থকা বৃদ্ধ গৰাকীক বিচনা, কম্বল, গাৰু, জেকেট, ছুৱেটাৰ, চেণ্ডেল, জোতা, প্ৰয়োজনীয় কাপোৰ, খোৱা সামগ্ৰী আদি প্ৰদান কৰি বৃদ্ধা গৰাকীক সকাহ দিবলৈ প্ৰয়াস কৰে ৷

বেচৰকাৰী সংস্থাটোৰ হৈ গোটেই কামকাজ চম্ভালে সংস্থাটোৰ মুৰব্বী ৰাজীৱ কলিতা, ৰাজেশ সিন্ধু, উদয়ভাস্কৰ হাজৰিকা আৰু কৈলাশ কলিতাই ৷

Design Creed ৰ Co-founder ৰণ বিকাশ গৌৰৱ আৰু শিল্পী কমল কৃষ্ণ বৰুৱাই যথেষ্ট বৰঙনি সংগ্ৰহ কৰি এই কামত সহায়- সহযোগিতা আগবঢ়ায়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply