মঙলদৈঃ দৰং জিলাৰ ছিপাঝাৰত ছিপাঝাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতি আৰু ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই ছিপাঝাৰ শ্বহীদ ভৱন প্ৰাঙ্গণত আয়োজন কৰা পাঁচদিনীয়া বিহু কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে। ছিপাঝাৰ শ্বহীদ ভৱনত ২৬ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ পাঁচদিনীয়াকৈ ছিপাঝাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতি আৰু ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা বিহু কৰ্মশালাত দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

বিহু কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে মৰিগাঁৱৰ পৰা অহা তথা এগৰাকী সাংস্কৃতিক কৰ্মী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নৱ কুমাৰ নাথ, তেখেতৰ লগত অহা সংগীবৃন্দ ক্ৰমে- জিতাশ্ৰী দেৱী, টিপু কুমাৰ নাথ, দৰং জিলা বিহু সুৰক্ষা সমিতিৰ মুখ্য প্ৰশিক্ষক জয়ন্ত ডেকা, সভাপতি হৰেন্দ্ৰ ৰাজবংশীৰ লগতে কেইবা গৰাকীও অভিজ্ঞ প্ৰশিক্ষক উপস্থিত থাকে।

বিহু কৰ্মশালাত বিহু নাচৰ লগতে বিহু নাম, বিহু ঢোল, বিহু বিচাৰকৰ আখৰা অনুষ্ঠিত হয়। আজি বিহু কৰ্মশালাৰ সামৰি অনুষ্ঠানত উপস্থিত থাকি বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা সকলোকে প্ৰশংসা পত্ৰ প্ৰদান কৰে ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কমলজিৎ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, দৰং ওদালগুৰি জিলাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী মিঠু বড়ো, দৰং জিলা বিহু সুৰক্ষা সমিতিৰ সাংগঠনিক সম্পাদক অজয় ডেকা, কমল নাথ,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক হৃদয় বৰুৱা, ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লক্ষিনন্দন বনিয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিহু সুৰক্ষা সমিতি ছিপাঝাৰ আঞ্চলিক সমিতিৰ সম্পাদক নিকুবৰ হাজৰিকা অনুষ্ঠান খনি আঁত ধৰে আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা কাৰ্যসূচী ৰূপায়ন কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা চিত্ৰাৰানী বৰুৱাই। অনুষ্ঠানৰ শেষত শৰাগৰ শৰাই আগবঢ়াই ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চুমন বৰদলৈয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply