ছিপাঝাৰঃ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকীত ব্ৰাউনচুগাৰ জব্দ ।
দুমুনিচকী মাৰুৱাচকীৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত জব্দ ব্ৰাউনচুগাৰখিনি।
জানিব পৰা মতে, দুমুনিচকী মাৰুৱাচকীৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফাৰুক হুছেইনে গোপনসূত্ৰে খবৰ লাভ কৰি ব্ৰাউনচুগাৰ কঢ়িয়াই অনা মেজিকখন অনুসৰণ কৰি দুমুনিচকীত স্থানীয় ৰাইজৰ সহযোগত আবদ্ধ কৰে। ইয়াৰ পিছতেই ছিপাঝাৰ আৰক্ষী থানাত খবৰ দিয়ে ৷
আৰু পঢ়কঃমাজুলীৰ হালধিবাৰীত পানীত পৰি ছাত্ৰ সন্ধানহীন
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰায় ৩০ গ্ৰাম ব্ৰাউনচুগাৰসহ বাহনখন জব্দ কৰে ৷ আৰক্ষীয়ে মেজিকখনৰ চালকক ঘটনাস্থলীৰপৰা আটক কৰিছে যদিও এজন যুৱক পলায়ন কৰে ।