মঙলদৈঃছিপাঝাৰত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ গুণোৎসৱত বিদ্যালয় পৰিদৰ্শনৰ বাবে দৰঙৰ ছিপাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা। গুণোৎসৱৰ প্ৰথম পৰ্যায়ত অন্তৰ্ভূক্ত হৈছে দৰং জিলা৷
লগতে পঢ়কঃকালাপাহাৰস্থিত আইটিআই মহাবিদ্যালয় খেলপথাৰত বৃক্ষ ৰোপন কাৰ্যসূচী
মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে ছিপাঝাৰৰ ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয় আৰু বি,জে,বালিকা নিম্ন বুনিয়াদী বিদ্যালয়। ইতিমধ্যে শিক্ষামন্ত্ৰী ৰনোজ পেগু উপস্থিত হৈছে ছিপাঝাৰত।