ছিপাঝাৰঃ ছিপাঝাৰ সমষ্টিৰ হাজৰিকাপাৰা অঞ্চলৰ কুৱৰীগাঁৱত আশ্চৰ্যকৰ ঘটনা ৷
এইবাৰ এজনী গাই গৰুৱে জন্ম দিলে এক ব্যতিক্ৰমী গৰু পোৱালি। দুখন মুখ আৰু চাৰিটা চকু থকা গৰু পোৱালি।
মঙলবাৰে সন্ধিয়া তাৰেনী ডেকা নামৰ লোকজনৰ ঘৰত জন্ম হয় এই পোৱালিটো ৷
আৰু পঢ়কঃগোৰেশ্বৰত আটক কিশোৰী ধৰ্ষণকাৰী
বৰ্তমান গৰু পোৱালিটো সুস্থ অৱস্থাতে আছে ৷ এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগেই গৰু পোৱালিটো এবাৰ চাবলৈ অজস্ৰজনে ভিৰ কৰেহি তাৰেনী ডেকাৰ বাসগৃহত।
এতিয়া এই গৰু পোৱালিটোক লৈ যেন অঞ্চলটোত এতিয়া হৈ পৰিছে এক কৌতূহলৰ বিষয়।