YouTube video

ছিপাঝাৰঃ কৰোনা কালৰ আতংকময় পৰিৱেশৰ সময়ত ছিপাঝাৰৰ গ্ৰাম্যাঞ্চলত এখন চহা ছবি ৷

ছিপাঝাৰৰ১নং ঘোৰাশালত প্ৰায়  ১৩ খন গাঁৱৰ ৰাইজ একলগ হৈ সমূহীয়া ভাবে সিচিলে শালি ধানৰ কঠিয়া ৷

সম্পূৰ্ণ বৰষুণৰ ওপৰত নিৰ্ভৰশীল ছিপাাঝাৰৰ এইসকল কৃষকে এইবাৰ পানীৰ অভাৱত সময়মতে আৰম্ভ কৰিব পৰা নাই কৃষি কাৰ্য ৷ 

আৰু পঢ়কঃজামুগুৰিহাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ

আজিলৈকে ছিপাঝাাৰৰ এইসমূহ অঞ্চলত হৈ নুঠিল জলসিঞ্চনৰ সু-ব্যৱস্থা ৷ যাৰ বাবে এতিয়া পেট্ৰ’লিয়ামজাত ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধি স্বত্বেও কৃষকসকলে পানী সিচাঁ মেচিন ব্যৱহাৰ কৰি খেতিপথাৰত পানী দিব লগীয়া হৈছে ।

ক’ভিড সৃষ্ট এই পৰিবেশৰ মাজত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সময়ত , দুৰ্দশাৰ মাজতে নতুন আশা বুকুত বান্ধি সেউজীয়া পথাৰৰ সপোনত বিভোৰ হৈ পৰিছে এইসকল কৃষক ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply