ছিপাঝাৰঃ বাৰিষা অহাৰ লগে লগে খেতিপথাৰত ব্যস্ত হৈ পৰা দেখা গৈছে কৃষকসকলক ।
জেঠ গৈ আহাৰ মাহত ভৰি দিয়াৰ লগে লগেই চহা জীৱনৰ কৃষকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে এইখিনি সময় ।
ধৰাৰ উজ্জ্বিৱিত বুকুত ৰোৱনীয়ে ভূই ৰোৱাৰ সময় এইয়া । কৃষিজীৱি পৰিয়ালৰ ডেকা – বুঢ়াৰ পৰা আদি কৰি সকলো ব্যস্ত হৈ পৰিছে খেতিপথাৰত ।
আৰু পঢ়কঃব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীক আৰ্থিক সাহায্যৰ দাবী
বৰ্ষাই কৃষকৰ দুচকুত আশাৰ জোৱাৰ নমাই অনাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ খেতিপথাৰত এতিয়া ব্যস্ত কৃষকসকল ।
কাল কৰোনাই জনজীৱন স্তব্ধ কৰাৰ সময়তেই কঁকালত গাঁঠি মাৰি খেতি পথাৰত নামিছে হালুৱা ৰোৱনী। হালুৱাই হাল বাইছে, ৰোৱনীয়ে ধৰাৰ বুকুত কঠিয়া গুজি বছৰটোলৈ সপোন সিঁচিছে। নানা আনন্দ উলাহেৰে এতিয়া ছিপাঝাৰৰ খেতি পথাৰত ব্যস্ত হৈ পৰিছে কৃষকসকল ।