ছিপাঝাৰঃ দৰঙৰ গৰুখুটি কৃষি প্ৰকল্পৰ বেদখলকৃত ভূমিত
উচ্ছেদ কাৰ্য আৰম্ভ।
আজি পুৱা ৯বাজি৩০ মিনিটৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ হৈছে । গৰুখুটি কৃষি প্ৰকল্পৰ বেদখলকৃত ভূমিৰ প্ৰায় ২৭০০ বিঘা ভূমিত চাৰিটা জ’নত বিভক্ত কৰি উচ্ছেদ চলাই প্ৰশাসনে।
লগতে পঢ়কঃড্ৰাগছ আসক্ত সতীৰ্থই যুৱকক হত্যা কৰাৰ অভিযোগ
উচ্ছেদস্থলীত শতাধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। বেদখলকাৰীৰ গৃহসমূহ জেচিবিৰে ভাঙি পেলোৱা হৈছে। আনহাতে, একাংশ বেদখলকাৰীয়ে নিজে ঘৰসমূহ ভাঙি লৈ যোৱাও পৰিলক্ষিত হৈছে।