ছিপাঝাৰঃ ছিপাঝাৰত ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ। চেণ্ডেল খুলি উত্তম মধ্যম সোধালে যুৱকক ।

নাৰিকলিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা ।

ঘটনা অনুসৰি, ছিপাঝাৰৰ সানোৱা গাঁৱৰ মতিউৰ ৰহমান নামৰ যুৱকজনে জিলা পৰিষদৰ অধীনৰ বিভিন্ন আঁচনি দিয়াৰ প্ৰলোভনেৰে এগৰাকী মহিলাৰ পৰা পইচা সৰকাই অহাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃনগাঁৱত গঁড়ৰ খৰ্গ সহ তিনি অপৰাধীক আটক

কিন্তু সময় বাগৰাৰ লগে লগে মহিলাগৰাকীয়ে এটা আঁচনিও নোপোৱাত যুৱকজনৰ প্ৰৱঞ্চনা পোহৰলৈ আহে ।

দীৰ্ঘদিন ধৰি প্ৰৱঞ্চক যুৱকজন অন্তৰ্ধান হৈ আছিল কিন্তু বৃহস্পতি বাৰে হঠাৎ ছিপাঝাৰৰ নাৰিকলিত প্ৰৱঞ্চক যুৱকজনক দেখা পাই মহিলাগৰাকীয়ে এই ৰণচণ্ডী ৰূপ লয়।

ইপিনে অনাকাংশিত ঘটনা দেখি ৰাইজৰ ভিৰ বঢ়াৰ লগে লগে প্ৰৱঞ্চক যুৱকজন কৌশলেৰে পলাই যাবলৈ সক্ষম হয় ।


Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply