ছিপাঝাৰঃ ছিপাঝাৰৰ দক্ষিণ চুবুৰীত ধোঁৱাচাঙত পৰিণত হোৱাৰ জলজীৱন আঁচনি ৷ পুৰণি সামগ্ৰীত ৰং সানি কাম চলোৱাৰ যো-জা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৷

চৰকাৰে  যি সময়ত  বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ জল জীৱন আঁচনি গ্ৰহণ কৰি ঘৰে ঘৰে আৰ্চেনিক মুক্ত পানী যোগানৰ তৎপৰতা চলাইছে , তেনে সময়তে ছিপাঝাৰত উন্মোচিত হৈছে  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ  আঁচনি ৰূপায়ণৰ স্বৰূপ।

লগতে পঢ়কঃমুখ্যমন্ত্ৰীসহ সকলো উপায়ুক্ত থকা সময়তে চোৰৰ অভিযান বেংকত


দক্ষিণ চুবুৰি পানী যোগান আঁচনিত জলজল পটপটকৈ ওলাই পৰিছে বিভাগটোৰ অনীহা- অকৰ্মন্যতাৰ ছবিখন ।

চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলৰ চৰম হেমাহীত জহি খহি গৈছে আন্তঃগাঁঠনি ৷

আন্তঃগাঁঠনি উন্নত নকৰাকৈয়ে পুৰণি সামগ্ৰীতে ৰং সানি বিভাগে জলজীৱন আঁচনি ৰূপায়িত কৰিবলৈ লোৱাত ক্ষুন্ন হৈ পৰিছে গাওঁবাসী ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply