ছিপাঝাৰ : বৃহস্পতিবাৰৰ নিশাটো পশ্চিম দৰঙৰ বাবে যেন কালৰাত্ৰিত পৰিনত হ’ল। কিয়নো জিলাখনৰ খৰস্ৰোতা আৰু বয়াবহ নদী ননৈ নদীৰ কালৰূপ বাঢ়নী পানীয়ে জিলাখনৰ পশ্চিম প্ৰান্তৰ ছিপাঝাৰ সমষ্টিৰত চাৰি ঠাইত মঠাউৰি ভাঙি জিলাখনৰ পশ্চিম প্ৰান্তত কাল অমানিশা কঢ়িয়াই আনে। বৃহস্পতিবাৰে নিশা প্ৰায় ১০ মান বজাত ননৈ নদীৰ পশ্চিম পাৰৰ দিপীলা চকৰ সমীপত ৰত্নাৱলী সত্ৰৰ প্ৰায় কাষত পশ্চিম দিশৰ মথাউৰিটি ভাঙি এক বৃহৎ অঞ্চল প্লাৱিত কৰে।
বান ইমানেই ভয়াবহ যে নিমিষতে মঠাউৰিৰ কাষৰ অৰুণ কলিতা, লোহিত কলিতা আৰু মণ্টু বৰুৱা নামৰ লোক কেইজনৰ ঘৰ বাৰি উটি যায়। নিমিষতে জলমগ্ন হৈ পৰে বিস্তৃৰ্ণ অঞ্চল। অঞ্চলটোৰ সকলো লোক ঘৰ বাৰি, পোহনীয়া জীৱ জন্তু, সা-সম্পত্তি এৰি ওখ নিৰাপদ স্থানলৈ গতি কৰে। নিশা ১০.৩০ মান বজাত দ্বিতীয়টো মঠাউৰি ভাঙে ছিপাঝাৰৰ শ’লপামত। শলপামত ননৈ নদীৰ পশ্চিম দিশৰ মথাউৰি ভাঙি খৰস্ৰোতা বান দিপীলাৰ ভঙা মঠাউৰিৰ বানৰ সতে একাকাৰ হৈ পৰে। যাৰ ফলত ননৈ নদীৰ পশ্চিমৰ প্ৰায় ১৫-১৬ খন গাঁও সম্পূৰ্ণৰূপে বানৰ কৱলত পৰে।
একেটা নিশাই প্ৰায় এঘাৰ বজাত খটৰা সত্ৰৰ পূৱত কাইকীয়াপাৰাত ননৈৰ পূৱ দিশৰ মথাউৰি ভাঙি যায়। এই ভঙা অংশৰে ননৈৰ বান সুমাই কাইকীয়া পাৰা, ঘিলাকুৰী, চেঙাপাৰা, পাথৰিঘাট, আঠকুৰিয়া বঢ়িচৌকা আদি বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰে।পুৱতি নিশা প্ৰায় দুই বজাত নগাঁও হীৰাপাৰাত ননৈৰ পশ্চিম পাৰত চতুৰ্থটো মঠাউৰি ভাঙে। হীৰাপাৰাৰ ভঙা অংশৰে বান সুমাই নগাঁও, হীৰাপাৰা, ভল্লিপাৰা, হাতীমামা, ভকতপাৰা আদি অঞ্চলত বানে তাণ্ডৱ চলাইছে। ননৈ পানী বৰ্তমানেও ইমান খৰস্ৰোতা আৰু ভয়াবহ হৈ আছে যে যিকোনো মুহূৰ্তত আৰু অধিক ঠাইত মঠাউৰি ভাঙি যাব পাৰে।
লগতে পঢ়ক – চৰাইদেউত আধাৰ পঞ্জীয়ন আৰু আধাৰ নম্বৰ সংযোজন বিষয়ক গুৰুত্বপূৰ্ণ বৈঠক
বহু কেইটা ঠাইত দুয়ো পাৰৰ মঠাউৰি এতিয়াও বিপদজনক হৈ আছে। গঞা ৰাইজ আৰু বিভাগীয় কৰ্তৃপক্ষই ননৈ প্ৰৱল সোতক বাধা দিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে বানৰ কৱলত পৰা লোক সকল নিজে নিজে নিৰাপদ স্থানলৈ গতি কৰিছে যদিও কণ কণ লৰা ছোৱালী, বৃদ্ধ মাক-দেউতাকৰ সতে কোনে কত কেনেদৰে প্ৰাণ ৰক্ষা কৰিছে তাৰ হিচাব কৰোতা যেন কোনো নাই। এফালে প্ৰৱল বৰষুণ, বানত পোহনীয়া জীৱ-জন্তু, সা-সম্পত্তি এৰি কেৱল মাত্ৰ প্ৰাণ ৰক্ষাৰ বাবে লোক সকলে নিৰাপদ স্থানলৈ গতি কৰিছে।