ছিপাঝাৰঃ গৰুখুটীৰ ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী পিযুষ হাজৰিকাই কংগ্ৰেছ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে।

মন্ত্ৰী গৰাকীয়ে কয়, “আনন্দ দাস নামৰ এজন অসমীয়া ব্যক্তিক সন্দেহযুক্ত নাগৰিকে এই অঞ্চলত হত্যা কৰোতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই কিয় নিজৰ চাৰ্ট নুখুলিলে | “

লগতে মন্ত্ৰী গৰাকীয়ে আমছুকো তীৰ্যক সমালোচনা কৰে। ‘আমছু হৈছে অসমীয়াৰ শত্ৰু’। ‘আমছুত আছে তালিবানী সমৰ্থক, পাকিস্তানী সমৰ্থক, ভাৰত বিৰোধী সমৰ্থক। আমছুৱে দেশ বিৰোধী শক্তিৰ সৈতে মিলি থকা কথাতো নতুন কথা নহয় | গৰুখুটীৰ ঘটনাতো তেওলোকে পি এফ আইৰ সৈতে মিলি সাম্প্ৰদায়িক ৰং দিবলৈ চেষ্টা কৰিছে | চৰকাৰে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবই | কোনো শক্তিয়ে ইয়াত বাধা দিব নোৱাৰে | বেদখলকাৰীয়ে হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰি থাকিব চৰকাৰ মৌন হৈ থাকিব সেই কথা হব নোৱাৰে |’

গৰুখুটী কৃষি প্ৰকল্পত বাহৰ পাতি কামকাজ চাই থকা বিধায়ক পদ্ম হাজৰিকাক লগ পোৱাৰ উদ্দেশ্যৰে তেওঁ আহিছে বুলি কয় মন্ত্ৰী পিয়ুষে।

লগতে পঢ়কঃঅসুস্থ চিলনী চৰাইক চিকিৎসা কৰি সুস্থ কৰি তোলে সৰ্পবন্ধু সৌৰভ বৰকটকীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply