YouTube video

ছিপাঝাৰঃ ছিপাঝাৰত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি। পানীৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাট। যাৰ বাবে এতিয়া ছিপাঝাৰৰ হাতীমুৰিয়া গাঁৱৰ পথাৰত কৃষি কাৰ্য কৰা উপায়ন্তৰ কৃষক সকলৰ শেষ ভৰষা হৈ পৰিছে বৰুণ দেৱতা ।

এজাক বৰষুণৰ বাবে বৰুণ দেৱতাক কাকুতি- মিনতি কৰাৰ বাবে কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰীৰে তোৰন নিৰ্মাণ কৰি নাম- কীৰ্তনৰ আয়োজন কৰিছে কৃষক- ৰোৱনীয়ে ।

লগতে পঢ়কঃআজি নিজ গৃহলৈ আহিব অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাই

যি সময়ত ৰাজ্য চৰকাৰে পথাৰ আমাৰ,বজাৰ আমাৰ শ্লোগান দিয়ে সেই একেটা সময়তেই কিন্তু ৰাজ্যৰ বিয়াগোম কৃষি বিভাগ,জলসিঞ্চন বিভাগৰ এইসকল কৃষকক লৈ নাই কোনো গুৰুত্ব ।

উল্লেখযোগ্য যে ছিপাঝাৰৰ হাতিমুৰীয়া গাঁৱৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান দূৰত থকা গৰুখুটিৰ ৭৭,৪২০ বিঘা ভুমিত কৃষি বিপ্লৱৰ বাবে ৰাজ্য চৰকাৰে হাতত লৈছে কোটি টকীয়া প্ৰকল্পৰ কাম ।

তাৰপিছতো কিন্তু ছিপাঝাৰৰ এইসকল কৃষকে পানীৰ অভাৱত এনেদৰে বৰুণ দেৱতাক কাকুতি
মিনতি কৰাৰ দৃশ্যই উদঙাই দিছে ৰাজ্যৰ বিয়াগোম কৃষি বিভাগ,জলসিঞ্চন বিভাগৰ ফোপোলা স্বৰূপ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply