ছিপাঝাৰঃ ছিপাঝাৰত স্কুটি লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ ক্ষোভ। ২০১৭ বৰ্ষৰ ড° বাণীকান্ত কাকতি বঁটাৰ পৰা বঞ্চিত বহু ছাত্ৰী।
সেই সময়ৰ শিক্ষা মন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকক যোগ্যতাৰ বঁটা প্ৰদান কৰিবলৈ আহ্বান জনাইছে শিক্ষাৰ্থী সকলে।
২০১৭ বৰ্ষৰ পৰাই ড° বাণীকান্ত কাকতি বঁটা প্ৰাপ্তিৰ ব্যৱস্থা কৰা হৈছিল। সেই সময়ত ৮০ শতাংশ নম্বৰৰ ওপৰৰ ছাত্ৰীকহে এই বঁটা প্ৰদান কৰিছিল । কিন্তু তাৰ পিছৰ সময়চোৱাত অৰ্থাৎ ২০১৮-১৯ বৰ্ষৰ পৰা ৬০ শতাংশ নম্বৰ ওপৰৰ পৰাই এই বঁটা প্ৰদান কৰিছিল।
আৰু পঢ়কঃগোৰেশ্বৰত পথৰ শোচনীয় অৱস্থা!ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত
২০১৭ চনত সব্বোৰ্চ নম্বৰ প্ৰাপ্ত মুঠ ১০০০ গৰাকী ছাত্ৰীক এই বঁটা প্ৰদান কৰিছিল চৰকাৰে। উক্ত বৰ্ষৰ ছাত্ৰী সকলৰ যোগ্য নম্বৰ পোৱাৰ পাছতো তেওঁলোকক কিয় এই বঁটা লাভৰ পৰা বঞ্চিত কৰা হৈছিল সেই লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে।
হিমন্ত বিশ্ব শৰ্মাই মেধাৱী ছাত্ৰীসকলক স্কুটীৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান জনাইছে ছাত্ৰীসকলে।