ছিপাঝাৰঃ পুনৰ শিক্ষকৰ দৰে এক পবিত্ৰ বৃত্তিত কালিমা। ছিপাঝাৰত ছাত্রীক যৌন আতিশয্য চলাই ৰঙাঘৰত সোমাল এজন শিক্ষক।
লম্পট শিক্ষকজন হ’ল ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তর্গত শালমাছ উঠা প্রাথমিক বিদ্যালয়ৰ শিক্ষক কোষেশ্বৰ বৰা ৷
শিক্ষক কুষেশ্বৰ বৰাই বিদ্যালয়তে ধনৰ প্রলোভনেৰে ছাত্রী এগৰাকীক যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়কঃডুমডুমা কাক’জান বনাঞ্চলত বনৰীয়া হাতী নিধন
শিক্ষকজনৰ বিৰুদ্ধে ছিপাঝাৰ থানাত ছাত্রীগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে ৷
ছাত্রীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে শিক্ষক বৰাক ৰঙাঘৰলৈ প্রেৰণ কৰিছে ৷