ছিপাঝাৰঃ ছিপাঝাৰত সংঘটিত হৈছে চুৰিকাণ্ড। মঙলবাৰে নিশা ছিপাঝাৰৰ সাতঘৰীয়াৰ উপেন্দ্ৰ চন্দ্ৰ নাথ নামৰ লোকজনৰ বাসগৃহৰ পৰা চোৰে লুটি লৈ যায় প্ৰায় ৩ লাখ টকাৰ সোণৰ আ-অলংকাৰ।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি নিশা পৰিয়ালৰ তিনিওগৰাকী সদস্য শুই থকা অৱস্থাতে চুৰি কাণ্ডটো সংঘটিত হয়।
আৰু পঢ়কঃসোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত অব্যাহত আছে আৰক্ষীৰ অভিযান
উল্লেখ্য যে, মাত্ৰ এসপ্তাহ পূৰ্বে সেই অঞ্চলৰে এগৰাকী শিক্ষকৰ ঘৰৰ পৰা চোৰে লুটি নিছিল লক্ষাধিক টকাৰ আ-অলংকাৰৰ লগতে নগদ ধন । ইয়াৰ পিছতে যোৱানিশা পুনৰ সংঘটিত হোৱা চুৰিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনা সম্পৰ্কত উপেন্দ্ৰ চন্দ্ৰ নাথে ছিপাঝাৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছে। আৰক্ষীয়ে চোৰৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ।