ছিপাঝাৰঃ বৰ্তমান সংবাদসেৱা জগতখনৰ ক্ষেত্ৰত ৱেব মিডিয়া প্ৰতিষ্ঠানসমূহো অন্যতম। এই বেৱ মিডিয়াৰ ছিপাঝাৰৰ সাংবাদিকসকলে গঠন কৰিলে “ছিপাঝাৰ ডিজিটেল মিডিয়া ফ’ৰাম” নামৰ এক অনুষ্ঠান।
ঐতিহাসিক খটৰা সত্ৰৰ প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আনুষ্ঠানিকভাৱে গঠন কৰা কৰিলে ডিজিটেল মিডিয়া ফ’ৰাম।
লগতে পঢ়কঃশোণিতপুৰৰ খনামুখত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
জ্যেষ্ঠ সাংবাদিক নৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সৰ্বসন্মতিক্ৰমে কণ আলী হাজৰিকাক সভাপতি, দুলাল ডেকাক সম্পাদক হিচাপে লৈ ১৩জনীয়া কমিটি গঠন কৰা হয়।
অনুষ্ঠানটোৱে অনাগত সময়ত ৰাইজৰ হকে কাম কৰি বিভিন্ন সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা অৱগত কৰে।