গুৱাহাটী : এ আই ইউ ডি এফৰ কাৰ্যকৰী সভাপতি তথা যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলে শুকুৰবাৰে পৃথকে পৃথকে ৰাজ্যৰ দুগৰাকীকৈ মন্ত্রী ক্রমে কৃষিমন্ত্রী অতুল বৰা আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ সৈতে বিধানসভাৰ মন্ত্রী কক্ষত সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ লগতে তেওঁ প্রতিনিধিত্ব কৰা যমুনামুখ সমষ্টিৰ সমস্যাৰ সন্দৰ্ভত আলােচনা কৰে।
কৃষিমন্ত্রী অতুল বৰাৰ সৈতে হােৱা বৈঠকত বিধায়ক চিৰাজুদ্দিন আজমলে এশ শতাংশ ধান উৎপাদন হােৱা যমুনামুখ সমষ্টিত খেতিয়কৰ দুৰৱস্থাৰ বিষয়তাে অৱগত কৰে। লাহে লাহে খেতিয়ক সকলে খেতি কৰিবলৈ বাদ দিবলৈ ধৰা বুলি কৃষিমন্ত্ৰী গৰাকীক অৱগত কৰি আৰু কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্পষ্ট নির্দেশনা থকা সত্বেও ভাৰতীয় খাদ্য নিগমে যমুনামুখ সমষ্টিৰ খেতিয়কৰ পৰা উৎপাদিত শস্য ক্রয় নকৰে।
লংকা আৰু হােজাইৰ মধ্যভােগীৰ জৰিয়তেহে অতি কম দামত ধান ক্রয় কৰি এক কুটিল ষড়যন্ত্রত ভাৰতীয় খাদ্য নিগম জৰিত হৈ আছে বুলি ব্যক্ত কৰে। তদুপৰি এটাও ৰাইচ মিলৰ লগত খাদ্য নিগমেৰে চুক্তি নােহােৱাত স্থানীয়ভাৱে ধানৰ বিক্রি ব্যাহত হােৱাৰ অভিযােগ তুলে। লগতে কৃষি বিভাগৰ বিষয়া সকলেও খেতিয়ক সকলৰ পৰা প্রমাণ পত্ৰ দিয়াৰ নামত মুকলিকৈ উৎকোচ লােৱাৰাে অভিযােগ উত্থাপন কৰে।
লগতে পঢ়ক : নিয়োগ বাৰ্তা : শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ৩ টা পদত নিযুক্তি সৃষ্টি
আনহাতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তক সাক্ষাৎ কৰি যমুনামুখ সমষ্টিৰ স্বাস্থ্য সেৱা, পৰিসেৱা উন্নত কৰিবৰ বাবে খালী পদ সমূহ পূৰণ কৰিবলৈ, পর্যাপ্ত এম্বুলেন্স, ভেকচিনৰ যােগান আৰু কেইবাখনাে হস্পিতালক উন্নিতকৰণ কৰিবলৈ অনুৰােধ জনায়। তদুপৰি হােজাইস্থিত হাম নাচিং স্কুলত বৰ্ত্তমান ৩০ গৰাকী ছাত্ৰীয়ে নাম ভর্তি কৰিব পাৰে। এই আসন ৫০ লৈ বৃদ্ধি কৰিবৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অনুমতিৰ প্রয়ােজন হয়। গতিকে এই ক্ষেত্ৰত মন্ত্রী গৰাকীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ৫০ খন আসনলকৈ বৃদ্ধি কৰিবৰ বাবে অনুৰােধ জনায়।