গুৱাহাটী : কংগ্ৰেছে নিলম্বন কৰিলে ৰহাৰ বিধায়ক শশীকান্ত দাসক। দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত কংগ্ৰেছ দলে নিলম্বন কৰে ৰহাৰ বিধায়ক গৰাকীক।
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ মাজতে ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল। শশীকান্ত দাসে চৰকাৰক সমৰ্থন কৰিব বুলিও মন্তব্য প্ৰকাশ কৰিছিল।
অৱশ্যে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পৰিকল্পনা নাই বুলিও উল্লেখ কৰিছিল শশীকান্ত দাসে। কংগ্ৰেছ দলত থাকি সমষ্টি উন্নয়নৰ বাবে চৰকাৰক সমৰ্থ কৰাৰ কথা উল্লেখ কৰিছিল শশীকান্ত দাসে।
লগতে পঢ়ক : ৩ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ’ব ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ প্ৰতিষেধক
ইয়াৰ পিছতে কংগ্ৰেছ দলে শশীকান্ত দাসক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। অৱশেষত শুকুৰবাৰে কংগ্ৰেছ দলে ৰহাৰ বিধায়ক গৰাকীক আনুষ্ঠানিকভাৱে দলৰ পৰা নিলম্বন কৰে।