মঙলদৈঃ ধূলা কাণ্ডৰ তদন্তৰ বাবে “বিশেষ তদন্তকাৰী গোট ” (SIT Team ) বুধবাৰে উপস্থিত হয় মঙলদৈ পুলিচ অতিথি শালাত ৷
মঙলদৈ ধূলাৰ আৰতি তুৰি নামৰ তেৰ বছৰীয়া কিশোৰী গৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে উপস্থিত হয় দলটি৷ যোৱা ১১জুনত SSBৰ জোৱান কৃষ্ণ কমল বৰুৱাৰ ঘৰত মৃত্যু হৈছিল আদিবাসী কিশোৰী গৰাকীৰ৷ প্ৰায় ৪ বছৰ ধৰি কাম কৰা হিচাবে আছিল কিশোৰী গৰাকী। জোৱান কৃষ্ণ কমল বৰুৱাই ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে৷
ঘটনাৰ সঠিক তদন্ত নকৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দৰঙৰ আৰক্ষী অধীক্ষ ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন, ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু ধূলা থানাৰ তদন্তকাৰী বিষয়া আনোৱাৰ হুছেইনক নিলম্বন কৰিছিল৷ লগতে অসম চৰকাৰে এখন ৫ জনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰি দিয়ে৷
আজি তদন্তৰ বাবে মঙ্গলদৈ উপস্থিত দলটো। উপস্থিত হোৱা SIT কমিটিৰ সদস্যসকলৰ নাম
১.দেৱৰাজ উপাধ্যায় ,,,IPS Inspector General of police ,CID,,, Chairman.
২.ইন্দ্ৰানী বৰুৱা,,,,IPS,,
Deputy Inspector General of police.,, Member.
৩.কল্যাণ ফুকন,,APS,,,,
Superintendent of police,,,CID,, Member.
৪.আৰিফুল হক,,,, Inspector CID ,,, Member,
৫.মহাদেৱ হিৰা,,Sub Inspector,OC,kharupetia, Member
উল্লেখযোগ্য যে তদন্তকাৰী দলটি পুৱাৰভাগত ঢেকীয়াজুলিৰ কিশোৰী গৰাকীৰ পিতৃৰ ঘৰত উপস্থিত হয় ৷ তাৰ পিছতে দলটি মঙলদৈ আৰক্ষীৰ অতিথি শালাত উপস্থিত হৈ দৰং আৰক্ষীৰ অভিবাদন অভিবাদন গ্ৰহন কৰে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তদন্ত কাৰি দলৰ দেৱৰাজ উপাধ্যায়ে প্ৰকাশ কৰে যে মূখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে উক্ত বিষয়টো গুৰুত্ব সহকাৰে তদন্ত আৰম্ভ কৰা হৈছে, ইতিমধ্যে এই তদন্ত সম্পৰ্কে লগ কৰিব লগীয়া লোক সকল লগ কৰাৰ লগতে ঘটনাৰ লগত সম্পৰ্ক থকা ঠাই সমুহ পয্যাব্যেক্ষন কৰা হৈছে। তদন্তৰ খাতিৰত আৰু অধিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে বিষয়া গৰাকী।