সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰ

সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰত আংশিক লকডাউনৰ প্ৰভাৱ | ৰাজ্যৰ আগশাৰীৰ গাখীৰ উৎপাদন কেন্দ্ৰ হিচাবে প্ৰতিষ্ঠিত সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰই এতিয়া তেওলোকক গাখীৰ যোগান ধৰা গো পালক সকলৰ পৰা মাত্ৰ এটা বেলাৰ গাখীৰ হে লোৱাৰ ফলত হাহাকাৰ লাগিছে গো পালক সকলৰ |

ইয়াৰ ফলত গো পালক সকলে এতিয়া গাখীৰসমূহ তম দামতে স্থানীয় ভাবে দিব লগা হৈছে | যাৰ ফলত গৰু খাদ্য যোগাৰ কৰাতো সমস্যাৰ সৃষ্টি হৈছে গো পালক সকলৰ | যি সময়ত কৃষি বিভাগ খেতিয়কৰ কাষলৈ যাব লাগিছিল সেইসময়ত বিভাগীয় বিষয়া কৰ্মচাৰী কাৰ্যালয়ত দিন পাৰ কৰিছে |

সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰৰ ৰঞ্জিত শৰ্মাই জনোৱা মতে, তেওলোকৰ বিভিন্ন দুগ্ধজাত সামগ্ৰীৰ উৎপাদন যেনেদৰে হৈ আছে বজাৰখন লকডাউনৰ বাবে তেনেদৰে নাই এতিয়া | লকডাউনৰ বাবে সকলো বন্ধ হৈ পৰাত উৎপাদিত ক্ৰীম, মাখন আদি বহু পৰিমানে জমা হৈ পৰাত আৰু সামগ্ৰী ৰাখিবলৈ তেওলোক অপাৰগ |

সেইবাবেই তেওলোকে এটা বেলাৰ গাখীৰ হে গো পালকৰ পৰা লৈছে | শৰ্মাই আৰু জনোৱা মতে, বৰ্তমান সময়ত পৰিস্থিতি যি গতিত আগবাঢ়িছে তেনেদৰেই চলি থাকিলে গো পালকৰ গাখীৰ লোৱাতো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব | সীতাজখলাৰ যিটো ক’ল্ডষ্টৰেজ আছে তাত বৰ্তমান সামগ্ৰী ৰাখিবলৈ ঠাই নাই |
ৰাজ্যৰ কৃষি বিভাগক বৰ্তমানৰ জটিল সময়ত কৃষকৰ কাষলৈ আহিবলৈ আহ্বান জনাইছে সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰৰ নেতৃত্ব বহন কৰি থকা ৰঞ্জিত শৰ্মাই |

বিশেষভাবে শীতলীকৰণ ভৱন নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিবলৈ আহ্বান জনাই শৰ্মাই | কৃষি বিভাগৰ বিষয়া কৃষকৰ কাষ নাচাপিলে সমস্যাসমূহ কেতিয়াও সমাধান নহ’ব | দ্বিতীয় কাৰ্যকালৰ বাবে কৃষিমন্ত্ৰীৰ দায়িত্ব লোৱা অতুল বৰাই কৃষক আৰু কৃষি ব্যবস্থাটোক লৈ কেৱল কাৰ্যালয়ত বহি আঁচনি প্ৰস্তুত কৰি তাৰ কাৰ্যকৰী কৰাত গুৰুত্ব নিদিলে সম্পূৰ্ণ বিভাগটোৱেই চৰকাৰক বিপদত পেলাব |

লগতে পঢ়ক CBSE দ্বাদশ শ্ৰেণীৰ কেৱল গুৰু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply