শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ শিৱ দৌলত শ্ৰী শ্ৰী মহা শিৱ ৰাত্ৰি পূজা উপলক্ষে পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে। শুকুৰবাৰে শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা প্ৰথম দিনা সন্ধিয়া ৬ বজাত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱালে।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি থকা সময়তে শিৱ দৌলৰ নিচে কাষত থকা মছজিদৰ পৰা আজানৰ সময়ত মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ বন্ধ কৰি মৌনতাৰে আজান শুনে।
দ’লমুখ চাৰিআলিৰ অস্থায়ী মণ্ডপত,শিৱসাগৰ দ’ল উন্নয়ন পৰিষদে প্ৰকাশ কৰি উলিওৱা “শিৱসাগৰ বৰপুখুৰী আৰু তিনিটা দ’লৰ”গ্ৰন্থ উন্মোচনৰ কৰা লগতে, শিৱ বন্দনা আৰু শিৱ নৃত্য প্ৰদৰ্শন কৰা পাছতেই সাৰংগ সাংস্কৃতিক গোষ্ঠী ধিতাই পুখুৰী শিল্পী সকলৰ দ্বাৰা ” হিৰণাক্ষৰ মুক্ষণ, শুক্ৰচাৰ্যৰ দপ হৰণ” ভাওনা খন উদ্বোধন কৰে শিৱসাগৰ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই।