গুৱাহাটী : আজি মহা শিৱৰাত্রী। সমগ্ৰ দেশতে আজি পালন কৰা হৈছে শিৱৰাত্রী। অসমতো শিৱৰাত্রী উপলক্ষে দেখিবলৈ পোৱা যায় ব্যাপক আয়োজন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ সমূহৰ লগতে মহানগৰী গুৱাহাটীৰ শিৱ মন্দিৰ সমূহত পুৱাৰ ভাগৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়।

কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ সৰগপুৰত থকা শিৱ মন্দিৰত এইবাৰ শিৱৰাত্রী উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰা হয়। বিশ্ব শান্তিৰ কামনাৰে এইবাৰ সৰগপুৰৰ শিৱ মন্দিৰত শিৱৰাত্রীৰ পূজাৰ আয়োজন কৰা হয়। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ সমাপ্তি বিচাৰি শান্তিৰ স্থাপনৰ বাবে সৰগপুৰবাসীয়ে মহাদেৱক পূজা আগবঢ়াই।

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধই তৃতীয় বিশ্ব যুদ্ধৰ ৰূপ ধাৰণ কৰাৰ আশংকাই দেখা দিছে। এই দুই দেশৰ মাজত চলি থকা যুদ্ধৰ অতি শীঘ্ৰে যাতে সমাপ্তি ঘটে আৰু সমগ্ৰ বিশ্বতে শান্তিৰ প্ৰতিষ্ঠা হয় ইয়াৰে কানমনা কৰি সৰগপুৰৰ শিৱ মন্দিৰৰ সম্পাদক মৃদুল খাউণ্ডে কয় ভগৱান শিৱই ইউক্ৰেইন আৰু ৰাছিয়াৰ সম্পৰ্কৰ উন্নতি ঘটাব। দুই দেশৰ মাজত ইতিমধ্যে আলোচনা আৰম্ভ হৈছে আৰু এই আলোচনা সফল হোৱাৰ বাবে আমি মহাদেৱৰ ওচৰত প্ৰথনা জনাইছোঁ।

ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় লোক সকল সুকলমে ভাৰতলৈ উভতি অহাৰ বাবেও সৰগপুৰবাসীয়ে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়। শিৱৰাত্রীৰ পূজা উপলক্ষে সৰগপুৰ শিৱ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা যায়। পূজাৰ শেষত সুভাষ নাথৰ দ্বাৰা পৰিচালিত নাগাৰা নামৰো পৰিৱেশন কৰা হয়।

লগতে পঢ়ক- সংবাদমাধ্যমত ওলোৱাৰ পিছতেই মাজুলীৰ বিজেপি প্ৰাৰ্থী ভূৱন গামৰ বিৰুদ্ধে তৎপৰ হ’ল কংগ্ৰেছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply