শিৱসাগৰঃ শিৱসাগৰত বেআইনী ভাৱে কোনো নথিপত্ৰ বিহীনভাৱে চলি থকা পেকেজিং খোৱাপানীৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰশাসনৰ মাৰাথান অভিযান।

মানুহৰ স্বাস্থ্যক লৈ কি ধৰণে হেতালী খেলা হৈছে তাৰ এক ভয়ংঙ্কৰ ছবি উন্মোচিত হ’ল শিৱসাগৰত।

কোনো ধৰনৰ BSI CERTIFICATE,RADIO ACTIVE CERTIFICATE বিহীনভাৱে খোৱা পানীৰ উদ্যোগ গঢ় লৈছে তাৰ কোনো উত্তৰ নাই বিভাগৰ হাতত।

টিঙৰ চালি আৰু শৌচাগাৰৰ টেংকীৰ ওপৰত কিছুমানে চলাই আছে পেকেজিং খোৱাপানীৰ উদ্যোগ।

আৰু পঢ়কঃএইবাৰ ধাৰাপুৰৰ পুখুৰীত শতাধিক মাছৰ অস্বাভাৱিক মৃত্যু

খাদ্য আৰু অসামৰিক যোগান নামৰ এটা বিয়াগোম বিভাগ থকাৰ পাছতো কি ধৰণে এই সমূহ উদ্যোগ বাধাহীনভাৱে কোনো নথি পত্ৰ নোহোৱাকৈ ইমান দিন চলি আছিল সেইটো এতিয়া ৰহস্য আৱৰ্তত। খাদ্য আৰু অসামৰিক যোগান বিষয়া বিপুল খনিকৰৰ গা এৰা মন্তব্যয়ে ইয়াকে প্ৰমাণ কৰে যে কৰবাত মেনেজ হৈ আছে নেকি বিষয়া কৰ্মচাৰী সকল!

শিৱসাগৰৰ ৩০টা উদ্যোগৰ মাত্ৰ ৯টাৰ সম্পূৰ্ণ নথি পত্ৰ আছে বুলি এক সূত্ৰৰ তৰফৰ পৰা জানিব পৰা গৈছে।

শিৱসাগৰ জিলা প্ৰশাসনে দৰিকাপাৰ নাওজান গাঁৱৰ যদু বসুমতাৰী আৰু শিৱসাগৰ টেক্সি আলিৰ কল্যাণজ্যোতি শৰ্মাৰ BEST RO WATER নামৰ উদ্যোগটো চীল কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,118 other subscribers

Leave a comment

Leave a Reply