শিৱসাগৰ- গেৰাণ্টি যাত্ৰা কাৰ্যসূচীৰে দেওবাৰে শিৱসাগৰত উপস্থিত হ’ল সাংসদ প্ৰদ্যুত বৰদলৈ।

শিৱসাগৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুভমিত্ৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদগৰাকীয়ে।

শিৱদলত পূজা আগবঢ়াই সংবাদ মেলো সম্বোধন কৰে প্ৰদ্যুত বৰদলৈয়ে।

সংবাদ মেলত মহাজোঁট বন্ধনৰ মিত্ৰ দল চিপিআইএম চিপিএমৰ নেতায়ো অংশগ্ৰহণ কৰে।

সংবাদমেলত বিজেপি দল নাগপুৰীয়া বীজতৰিয়া সংস্কৃতিৰ বাহক।

বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়ে কিন্তু তাক পালন নকৰিলে বুলি বিজেপি দলক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে।

লগতে কংগ্ৰেছে প্ৰতিশ্ৰুতি নিদিয়ে গেৰাণ্টিহে দিয়ে বুলিও উল্লেখ কৰে প্ৰদ্যুত বৰদলৈয়ে।

যদি দিল্লীতো কংগ্ৰেছ মহাজোঁট বন্ধনৰ চৰকাৰ শাসনলৈ আহে তেন্তে কেব বাতিল কৰিব,

দ্বিতীয়তে সমাগত নিৰ্বাচনত মহামিত্ৰজোঁটক ৰাইজে দিছপুৰৰ শাসনভাৰ অৰ্পণ কৰিলে অসমৰ প্ৰতিটো পৰিয়ালক দুশ ইউনিটলৈকে বিদ্যুৎ ৰেহাই দিয়া হ’ব ,

চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা হ’ব,কংগ্ৰেছ মহামিত্ৰজোটৰ চৰকাৰ আহিলে অসমত নতুনকৈ পাচ লাখ চৰকাৰী চাকৰি সৃষ্টি কৰা হ’ব ,

অসমৰ প্ৰতিগৰাকী গৃহিনীক মাহে দুই হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি সাংসদজনে সংবাদমেলত ব্যক্ত কৰে । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply