শিৱসাগৰঃ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সংবাদমেল। অ’ এন জি চিক অইল ইণ্ডিয়াৰ সৈতে চামিলকৰণৰ হঠকাৰী সিদ্ধান্তকলৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকন, জিলা সভাপতি মানস হাজৰিকাৰ সংবাদমেল সম্বোধন।
অ’ এন জি চিক অইল ইণ্ডিয়াৰ সৈতে চামিলকৰণৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা আছুৰ।
অইলৰ দৰে সৰু প্ৰতিষ্ঠানৰ সৈতে অ’এন জি চিক কেতিয়াও চামিল কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে আছুৱে।
এই সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰিছে আছুৱে।
অইলৰ লগত অ এন জি চি চামিলকৰণৰ এক ষড়যন্ত্ৰ আৰম্ভ হৈছে বুলিও উল্লেখ কৰি অদৃশ্য শক্তিৰ হেঁচাত অ’ এন জি চিৰ বিষয়া সকল এই বিষয়ত নিমাত বুলিও সমালোচনা কৰে আছুৱে।
লগতে পঢ়কঃছয়গাঁৱত চোৰাং গৰুসহ তিনিজন আটক
অ’ এন জি চিৰ আও পুৰণি পদ্ধতিসমূহ ত্যাগ কৰি উৎপাদন বৃদ্ধিত মনোনিৱেশৰ দাবী আছুৰ লগতে অ এন জি চিক ব্যয় সংকোচন কৰি লাভৰ পৰিমাণ বঢ়াবলৈ দাবী জনাইছে।
বহু যুৱক ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ আছে বুলি মতপোষণ সংগঠনটোৰ।
ইপিনে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰো’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীকো বুধবাৰে সাক্ষাৎ কৰি বিষয়টো অৱগত কৰে ছাত্ৰ সন্থাই ।
বিষয়টোক লৈ শংকিত নহ’বলৈ আছুৰ প্ৰতি মন্ত্ৰী গৰাকীয়ে আহ্বান জনোৱা বুলিও সদৰি কৰে সংবাদমেলত।