শিৱসাগৰঃ সদৌ অসম ছাত্ৰ-সন্থা শিৱসাগৰ জিলাৰ সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ।
অ. এন. জি. চি. অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে।
অ. এন. জি. চি. অসম সম্পদ অইল ইণ্ডিয়া লিমিটেডৰ সৈতে চামিলকৰণৰ সিদ্ধান্ত বাতিল , জেম পট’ৰ্টেলৰ জৰিয়তে অ. এন. জি.চি নিবিদা সম্পন্ন কৰি পুঁজিপতি গোষ্ঠীক ৰঙা দলিচা পাৰি দি থলুৱাৰ স্বাৰ্থ বিঘ্নিত কৰা সিদ্ধান্ত বাতিল , অ. এন. জি. চি. অসম সম্পদত নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰা, অ এন জি চি অসম সম্পদক খনন উৎপাদন এলেকাৰ উন্নয়ন সাধনত কৰ্তৃপক্ষৰ উদাসীন মনোভাৱৰ বিৰোধিতাৰে ছাত্ৰ সন্থাই আকাশ-বতাহ উত্তাল কৰি তুলে।
লগতে পঢ়কঃ নগাঁৱৰ শৃঙ্গৰাপট্টিত বনবিভাগৰ অভিযান