প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

শিৱসাগৰঃ শিৱসাগৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা এ এছ ০৪ এম চি ০৯১৭ তনুজ নামৰ যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই গেমন দলঙৰ সমীপৰ এটা খাৱৈত বাগৰি পৰে৷


দুৰ্ঘটনাটোত বাছখনত থকা মহিলাসহ দহ গৰাকীৰো অধিক যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে৷ গুৰুতৰভাৱে আহতসকল ক্ৰমে, উদেষ্ণা ভৰালী(২১), ৰাজশ্ৰী কলিতা (২৪), ৰেছমা বেগম (২৩), বন্দিতা শইকীয়া (২৪), পল্লবী খনিকৰ (২৪), নিলু ভৰালী (৫০), অন্তৰা হাজৰিকা (২৬) আৰু চাহিদুৰ আলি (২৫)৷ ইতিমধ্যে আহতক সকলক চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply