শিৱসাগৰঃ ৰংঘৰৰ বাকৰিত সেৱা ল’লে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। বিধায়কৰ পদ নিষ্ঠা আৰু সততাৰে পালন কৰাৰ পণ ল’লে অখিলে।

কাৰাবন্দী অৱস্থাত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিগত বিধান সভা নিৰ্বাচনত জয়ী হোৱা অখিল গগৈ কাৰামুক্ত হৈ আজি প্ৰথমবাৰৰ বাবে শিৱসাগৰ সমষ্টিত উপস্থিত হয়।

শিৱসাগৰ জিলাৰ সীমা জাঁজীৰ পৰা ৰাইজে আদৰি লৈ গৈ অৱশেষত ৰংঘৰৰ বাকৰিত শিৱসাগৰৰ দল-সংগঠনৰ তৰফৰ পৰা উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে।

পৰৱৰ্তী সময়ত ৰংঘৰ চাৰিআলিৰ ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ বিধায়ক গৰাকীয়ে দলীয় কৰ্মীৰ লগতে ৰাইজৰ মৰম গ্ৰহণ কৰি ৰাইজৰ মনৰ বুজ লয়।সাংবাদিকক সম্বোধন কৰি বিধায়ক গৰাকীয়ে কয়, ”শিৱসাগৰ সমষ্টিৰ ৰাইজৰ মৰম আৰু সন্মান দেখি অভিভূত হৈছো।শিৱসাগৰ সমষ্টিৰ ৰাইজে মোক জয়যুক্ত কৰি যিখিনি কৰিবলগীয়া আছিল কৰিলে। এতিয়া মোৰ কাম মই কৰিম।শিৱসাগৰ সমষ্টিক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ দৰে অগ্ৰগতি প্ৰদান কৰিম। এনে কৰিবলৈ যাওঁতে যদি কোনো মন্ত্ৰী আমোলাই মোক বাধা প্ৰদান কৰে তেন্তে তাৰ বিৰুদ্ধে কি ব্যৱস্থা মই গ্ৰহণ কৰিম তাক ৰাইজে দেখিব। সমষ্টিৰ সামগ্ৰিক উন্নয়ণ মোৰ প্ৰথম কাম হ’ব।”

আৰু পঢ়কঃঅখিল গগৈক আদৰিবলৈ গৈ টীয়কত বিপদত পৰিল সমৰ্থক

লগতে বিধায়ক গৰাকীয়ে কয়, ”শিৱসাগৰ খনক হেৰিটেজ চিটিৰূপে ঘোষণা কৰা মোৰ প্ৰাথমিক কাম মই ইতিমধ্যে কৰিছো।সেইদৰে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিম। সেইদৰে শিৱসাগৰ সমষ্টিৰ সকলো সমস্যা চিনাক্ত কৰি সেই সমূহৰ সমাধানৰ চেষ্টা পাৰ্যমানে কৰা হ’ব। সেইদৰে শিৱসাগৰখনক এক বৌদ্ধিক কেন্দ্ৰলৈ পৰিণত কৰা হ’ব।মই আজি শিৱসাগৰলৈ আহিছো।ইতিমধ্যে সমষ্টিৰ উন্নয়ণৰ বাবে বহু কেইখন সমিতি গঠন কৰি দিয়া হৈছে।এই সমিতি সমূহৰ পৰা তথ্য সংগ্ৰহ কৰি মোৰ কাৰ্য মই আৰম্ভ কৰিম।”

ৰাইজক সাক্ষী কৰি বিধায়ক গগৈয়ে ৰংঘৰৰ বাকৰিত সেৱা গ্ৰহণ কৰি নিজ দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰাৰ পণ গ্ৰহণ কৰে।

বিধায়ক অখিল গগৈয়ে সমষ্টিত আজি প্ৰথমবাৰৰ বাবে ভৰি দিয়াৰ মূহুৰ্ত উৎসৱমুখৰ হৈ পৰে।কোভিড প্ৰ’টকল মানি চলি সমৱেত হোৱা লোকে সমদল কৰি বিভিন্ন শ্লগান দি নেতাগৰাকীক কাৰ্যালয়লৈ আগবঢ়াই নিয়ে। অৱশ্যে সুৰক্ষাৰ বাবে মোতায়ন কৰা আৰক্ষী-সুৰক্ষাবাহিনীয়ে মাইকযোগে ৰাইজক সান্ধ্য আইন মানি চলিবলৈ সোঁৱৰাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply