শিৱসাগৰঃ অখিল গগৈক NIA ৰ বিশেষ আদালতে বৃহস্পতিবাৰে সকলো গোচৰৰ পৰা মুক্ত কৰাৰ লগে লগে শিৱসাগৰ সমষ্টিবাসীৰ মাজত আন‌ন্দ উছাহ।

অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ বাট একপ্ৰকাৰৰ প্ৰশস্ত হোৱাত শিৱসাগৰত একাংশই ফটকা ফুটাই আনন্দ উছাহ প্ৰকাশ কৰে।

বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অখিল গগৈ দুই এদিনৰ ভিতৰতে শিৱসাগৰত উপস্থিত হ’বহি বুলি আশা প্ৰকাশ কৰিছে ৰাইজৰ দল, বীৰ লাচিত সেনাকে ধৰি বিভিন্ন জাতীয় সংগঠন আৰু সৰ্বসাধাৰণ ৰাইজে ।

ন্যায় প্ৰতিষ্ঠাৰ যুঁজত অখিল গগৈ জয়ী হ’বয়েই বুলি পূৰ্বেৰে পৰা কৈ অহা ভাষ্য বাস্তৱত পৰিণত হ’ল বুলি সন্তোষ প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাই। শৃংখল চলিহাই লগতে সূৰ্যক যিদৰে ঢাকি ৰাখিব নোৱাৰি অখিল গগৈকো অন্ধকাৰ কুঠৰীত ঢাকি ৰাখিব নোৱাৰে বুলি চৰকাৰৰ প্ৰতি কটাক্ষ কৰিছে ।

আৰু পঢ়কঃঅখিল গগৈক দোষমুক্ত ঘোষণা কৰিলে নিয়াৰ আদালতে

ইয়াৰ উপৰিও ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ সভাপতি ৰঞ্জিত তামুলী, লাচিত সেনাৰ শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱা, বিধায়কে গঠন কৰি দিয়া শিৱসাগৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকেও অখিল গগৈ সকলো গোচৰ পৰা মুক্ত হোৱাত আনন্দ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ মাতৃক সাক্ষাতৰ উদেশ্য দুদিনৰ বাবে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিছিল যদিও শিৱসাগৰ সমষ্টিলৈ অহাৰ অনুমতি লাভ কৰা নাছিল। বৰ্তমান সকলো বাধা দূৰ হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply