শিৱসাগৰ, আমিনুৰ ৰহমানঃ শিৱসাগৰত নিশা প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক কৰে আৰক্ষীয়ে। শিক্ষক নিযুক্তিৰ কেলেংকাৰীৰ গোচৰত আটক কৰা হয় হুছেইনক৷ অসম নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৱে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে যোৱাকালি নিশা তেওঁক আটক কৰে।

উল্লেখ্য যে, ১৮ বছৰ বয়স নোহোৱাকৈ একাংশক প্ৰাৰ্থীক শিক্ষক পদত নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আনোৱাৰ হুছেইনৰ বিৰুদ্ধে ৷ দীৰ্ঘসময় ধৰি শিৱসাগৰ চৰাইদেউ জিলাত ১৮ বছৰ তলৰ একাংশ শিক্ষকে চৰকাৰী চাকৰি কৰি থকাক লৈ বিভিন্ন অভিযোগো উত্থাপন হৈছিল ৷

অসম নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৰ নেতা দিগন্ত শইকীয়াই উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছতেই শিৱসাগৰ জিলাৰ কেইবাখনো থানাত এজাহাৰ দাখিল কৰিছিল ৷ শিৱসাগৰ সদৰ আৰক্ষী থানা, আমগুৰি থানা, নাজিৰা থানা, গৌৰীসাগৰ থানাৰ লগতে কেইবাখনো থানাত ৰুজু কৰিছিল গোচৰ৷ আনোৱাৰ হুছেইনক বৰ্তমান জয়সাগৰ আৰক্ষী থানাত ৰখা হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply