শিৱসাগৰঃ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান।
শনিবাৰে শিৱসাগৰত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে দুটা ড্ৰাগছ ব্যৱসায়ী।
জিলাখনৰ সদৰ,নাজিৰা,বিহুবৰ,হালোটিং আদি বিভিন্ন ঠাইত ড্ৰাগছৰ অবাধ বেহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
ইয়াৰ মাজতে হালোৱাটিং আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ বিপৰীতে শনিবাৰে ঐক্য সেনা অসমৰ অভিযোগ আৰু বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৰাইজৰ সহযোগত দুটা ড্ৰাগছ সৰবৰাহীক আটক কৰিবলৈ সক্ষম হয়।
আৰু পঢ়কঃদিচৈ বনাঞ্চলৰ ঘটনাস্থলীত তদন্তৰ বাবে উপস্থিত বিশেষ আৰক্ষী সঞ্চালক প্রধান জি পি সিং
নগৰখনৰ বিজি ৰোডত পুৱা ৭.১৫ বজাত এএছ ০৪ আৰ ৬২৫৪ নম্বৰৰ এখন বুলেটেৰে আহি থকা অৱস্থাত ড্ৰাগছ সৰবৰাহী দুটাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
ধৃত ড্ৰাগছ সৰবৰাহী দুটা কোঁৱৰপুৰৰ চুমলুং লাহন আৰু বিজি ৰোডৰ বুলবুল আলি ওৰফে ভাটীআম।
সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ১৫ টা ব্ৰাউন চুগাৰৰ সৰু বটল ,দুটা ম’বাইল ফোন আৰু নগদ ধন জব্দ কৰে।
উল্লেখ্য যে কম বয়সীয়া এই যুৱক দুজনে অনলাইন ডেলিভাৰীৰ কাম কৰা বুলি পৰিচয় দিছে যদিও দৰাচলতে এই দুটা সৰবৰাহকাৰীয়ে বহু দিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে বুলি স্থানীয় লোকে জানিব দিছে।
শিৱসাগৰৰ পৰা ড্ৰাগছৰ দৰে বৰবিহ দূৰ কৰিবৰ বাবে সকলো ৰাইজক একগোট হ’বলৈ আহবান জনাইছে সচেতন মহলে।