শিৱসাগৰৰ পৰা আমিনুৰ ৰহমানঃ শিৱসাগৰ আৰক্ষীৰ জালত পৰিল দীৰ্ঘ সময় ধৰি শিৱসাগৰৰ বিজি ৰোডত অবৈধ জুৱাৰ বেহা চলাই থকা এটা কুখ্যাত জুৱাৰী চক্ৰ ৷

বন্ধ হোটেলৰ কোঠাত জুৱা খেলি থকা অৱস্থাতে শিৱসাগৰ সদৰ আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নগৰ উপ পৰিদৰ্শক বিশ্বজিত দুৱৰীয়ে চলোৱা অভিযানত কৰায়ত্ব কৰা জুৱাৰী কেইটা হৈছে শিৱসাগৰ চহৰৰেই নিৱাসী বিজিত গোঁহাই, মুন্না বৰ্মণ, ভৱেশ সাহা, বিদ্যুত গগৈ, তপোব্ৰত গগৈ আৰু ৰাজীৱ মহন্ত ৷

লগতে পঢ়কঃআৰক্ষীৰ বিৰুদ্ধে নামতোলাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিবাদ

শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি বি জি ৰোডৰ অ’এনজিচিৰ ডিবিজি গেটৰ সন্মুখত থকা মুন্না হোটেল নামৰ হোটেলখনত বহু দিনৰ পৰাই এই চক্ৰটোৱে জুৱা খেল অনুস্থিত কৰি অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছিল ৷

দেওবাৰেও এই চক্ৰটোৱে বৃহত জুৱা খেল অনুষ্ঠিত কৰাৰ তথ্য গোপন সূত্ৰে লাভ কৰিছিল সদৰ আৰক্ষীয়ে ৷ এই তথ্যৰ ভিত্তিতেই নিশা আৰক্ষীয়ে অভিযান চলাই জুৱাৰী চক্ৰটোক হাতে লুটে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে জুৱাৰী কেইজনৰ পৰা নগদ ১৫ হাজাৰ ৮০ টকাৰ লগতে প্লেয়িং কাৰ্ডো জব্দ কৰিছে৷

শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰা জুৱাৰী কেইজনৰ মাজত মুন্না হোটেলৰ স্বত্বাধিকাৰী মুন্না বৰ্মনো আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply