শিৱসাগৰঃমঙলবাৰে মাজনিশা আৰক্ষীয়ে হঠাতে শিৱসাগৰত আটক কৰে জাতীয় সংগঠনৰ কেইবাগৰাকীও নেতাক।

এই খবৰ বিয়পি পৰাৰ লগতে সমগ্ৰ অসমত এক মিশ্ৰিত প্ৰতিক্ৰিয়া ইতিমধ্যে সৃষ্টি হৈছে। বিধায়ক অখিল গগৈৰ সৈতে সম্পৰ্ক থকা সংগঠনৰ নেতা কেইজনক কিয় আটক কৰা হৈছে, সেয়া এতিয়াও আৰক্ষীয়ে স্পষ্ট নহয়।
শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নেতাকেইজনৰ ভিতৰত আছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, ৰাইজৰ দলৰ পদ্মাকান্ত দাস, লাচিত সেনা অসমৰ শিৱসাগৰ জিলাৰ সভাপতি চিতু বৰুৱা, অসম যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি জিন্টু মেচকে আদি কৰি কেইবাজনো লোক।

আৰু পঢ়কঃৰাজ্যত ৫জুনলৈ বৃদ্ধি সান্ধ্য আইন
মাজনিশা আৰক্ষীয়ে এই নেতাকেইজনক ঘৰৰ পৰাই আটক কৰিছিল যদিও পুৱাৰভাগত সকলোকে মুকলি কৰি দিয়ে। উল্লেখ্য যে, এই সমগ্ৰ ঘটনাক ৰহস্যজনক আখ্যা দি ইতিমধ্যে সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে ছচিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে ।

আটক কৰা নেতাসকলৰ মতে, ৰাজ্য বিধানসভাত অখিল গগৈ মানসিক ৰোগত আক্ৰান্ত বুলি মন্তব্য কৰাৰ পিছত ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী হোৱাৰ ভয়তেই এইদৰে এতিয়া মাজৰাতি ৰাজ্য চৰকাৰৰ নিৰ্দেশত ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সহ অখিল গগৈৰ সমৰ্থক সকলক আটক – গ্ৰেপ্তাৰ কৰাত ব্যস্ত হৈ পৰিছে আৰক্ষী প্ৰশাসন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply