শিৱসাগৰঃ শিৱসাগৰত চহৰখনৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বীৰ লাচিত সেনা, জাগৃতি নাৰী সমাজৰ নেতৃত্বত অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল তথা বহিঃ ৰাজ্যৰ পৰা আমদানি কৰা  গামোচা, চেলেং চাদৰ ।

যোৱা ৩ জুনত শিৱসাগৰত নকল গামোচাৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ দাবী জনাই জিলা উপায়ুক্তক বীৰ লাচিত সেনাই স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু ইয়াৰ পিছতো প্ৰশাসনে বিষয়টোত গুৰুত্ব নিদিয়াত সোমবাৰে তেওঁলোকেই অভিযান চলাবলগীয়া হ’ল বুলি মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাই।

বীৰ লাচিত সেনাই চলোৱা অভিযানৰ পিছতে জিলা প্ৰশাসনৰ এটা দল উপস্থিত হৈ নকল গামোচা, চেলেং চাদৰ বিক্ৰী ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply