নিউজ ডেস্ক– শিৱসাগৰৰ নাজিৰাৰ মঠিয়াছিগাত আদ্য গজলা শ্ৰী শ্ৰী সৌকাজান সত্ৰত অমৃত মহন্তৰ প্ৰচেষ্টাত অসমৰ ভিতৰত পোনপ্ৰথমবাৰৰ কাঠত খোদিত কৰি নিৰ্মাণ কৰা হৈছে গুৰুজনা অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ। কাঠত খোদিত বৃন্দাবনী বস্ত্ৰভাগিৰ দীঘ আৰু প্ৰস্থ ১৩ফুট।

ৰাইজৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰিবলৈ অসম চৰকাৰৰ হাতত অৰ্পণ কৰিব এইভাগি কাঠত খোদিত বৃন্দাবনী বস্ত্ৰ। পোনপথমবাৰৰ বাবে অমৃত মহন্তই অসমত কাঠত খোদিত কৰি উলিয়াইছে গুৰুজনাৰ অনুপমসৃষ্টি এইভাগি বৃন্দাবনী বস্ত্ৰ। এই বৃন্দাবনী বস্ত্ৰত বুলোৱা হৈছে হেঙুল হাইতালৰ ৰং। ৰং বুলোৱা কাম কৰে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ কেইগৰাকীমান শিল্পীয়ে।

মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰভাগিৰ কিয়দাংশ কাঠত খোদিত কৰি পুনৰ নিৰ্মাণ আৰু গুৰু আসন সমন্বিতে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল গোস্বামীদেৱে উন্মোচন কৰে। সপ্তগ্ৰাম আধ্যাত্মিক আৰু সাংস্কৃতিক কলাক্ষেত্ৰ সমন্বয় সমিতি আৰু মঠিয়াছিগাবাসী ৰাইজৰ উদ্যোগত শিৱসাগৰ ৰাইজৰ সহযোগত নিৰ্মাণ কৰা হৈছে গুৰুজনা এই অপূৰ্ব সৃষ্টিভাগ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply