শিৱসাগৰঃ শিৱসাগৰ ৰাজীৱ ভৱনত সোমবাৰে বিয়লি জিলা কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়াই
সুম্মিতা দেৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাত দুখ অনুভৱ কৰা বুলি মন্তব্য কৰে ।

সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগে দলৰ ক্ষতি কৰিব বুলি উল্লেখ কৰাৰ লগতে ব্যক্তিগতভাৱে
খুব দুখ পোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই।

তেওঁক শুভেচ্ছা দিয়াৰ বাহিৰে এই মুহূৰ্তত একো ক’ব নোৱাৰো বুলিও মন্তব্য কৰে।

লগতে পঢ়কঃকংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে সুস্মিতা দেৱে

ইপিনে দেৱব্ৰত শইকীয়া বিজেপি লৈ যাব বুলি মাজে সময়ে যি চৰ্চা হৈছে তাকো সংবাদ মেলত নৎসাৎ কৰে বিৰোধী দলৰ দলপতি গৰাকীয়ে ।

আনহাতে,শেহতীয়াকৈ অনুষ্ঠিত বিধানসভাৰ অধিৱেশনকলৈ তেওঁ সৰৱ হৈ পৰে।

লগতে বিধানসভাৰ মজিয়াত বিভিন্ন বিষয়ত আলোচনা কৰিলে শাসকীয় দলৰ প্ৰতিনিধি সকলে অযথা বাধা দিয়া বুলি ক্ষোভ প্ৰকাশ কৰে।

মূল্য বৃদ্ধিৰ বিষয়ে সদনত আলোচনা কৰিবলৈ সুযোগ নিদিয়া বুলি সমালোচনা কৰি অসম সীমান্ত অঞ্চলৰ সমস্যা সমাধানত চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে।

আনহাতে সুস্মিতা দেৱৰ পদত্যাগৰ পিছত সাংসদ গৌৰব গগৈয়ে কয় ‘বিগত লোকসভাত পৰাজয়বৰণ কৰাৰ পিছতো সুস্মিতা দেৱক কংগ্ৰেছ দলত এটা ভাল পদ দিয়া হৈছিল । এটা ৰাষ্ট্ৰীয় দলৰ ,মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল সুস্মিতা দেৱ।আজি সেই সুবিধা,আশীৰ্বাদ পোৱাৰ পিছত তেওঁ কংগ্ৰেছ দল এৰি যোৱাত মোৰ যথেষ্ট খং উঠিছে ,ক্ষোভ প্ৰকাশ কৰিছো ।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply