শিৱসাগৰ পৰা আমিনুৰ ৰহমানঃ শিৱসাগৰত বিপিএল কাৰ্ডৰ নামত জালিয়াতিৰ অভিযোগ প্ৰাক্তন পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ বিৰুদ্ধে।

খাদ্য সুৰক্ষা আৰু আইনৰ অধীনত চৰকাৰী সুলভ মূল্যৰ দোকানৰ বিনামূলীয়া চাউল সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন পৌৰনেত্ৰী গৰাকীৰ বিৰুদ্ধে।

নগৰৰ ১২নং ৱাৰ্ডৰ যমুনা ৰোডৰ সুলভ মূল্যৰ দোকানৰপৰা পৌৰনেত্ৰী গৰাকীৰ নামত বিনামূলীয়া চাউল সংগ্ৰহ কৰি অহাৰ অভিযোগ।

সুলভ মূল্যৰ দোকানখনৰ ক্ৰমিক নং ৪০ত ১৮১০০৩৩৩৭৫৪০ ৰেচন কাৰ্ডখন মৃদুস্মিতা দত্তৰ নামত আৱন্টন আছে য’ত তেওঁৰ পৰিয়ালৰ আন সদস্য সকলৰ উপাধি আছে সিনহা।

আনহাতে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰিছে প্ৰাক্তন পৌৰপতি গৰাকীয়ে।

লগতে পঢ়কঃদ্বিতীয় দিনাও ঠেঁটুৱৈ ধৰা ঠান্ডাই কপাইছে গুৱাহাটী মহানগৰীত

পৌৰসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এই অভিযোগ এক ষড়যন্ত্ৰ মূলক অভিসন্ধি বুলি স্পষ্ট কৰিছে মৃদুস্মিতা সিনহাই। ২০১৩ বৰ্ষত কংগ্ৰেছ দলৰ শাসনত থকা সময়ত এই ৰেচন কাৰ্ড লাভ কৰা অভিহিত কৰিছে। নিজৰ বেংক একাউণ্ট বিবাহৰ পূৰ্বৰ পৰাই দত্ত উপাধি ব্যৱহাৰ কৰি অহাৰ বাবে এই নামৰ বিসংগতি অহা বুলি তেওঁ জানিবলৈ দিছে।

আনহাতে ৰাইজৰ দলে এই সমগ্ৰ বিষয়টোৰ ওপৰত ভিত্তি কৰি উচিত তদন্তৰ বাবে জিলা উপায়ুক্তক এখন স্মাৰক প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply