শিৱসাগৰঃ শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা। বনিয়াবাৰী দেউলিয়াখাটত পিটনিৰ মাজত উদ্ধাৰ হৈছে এটা উৱলি যোৱা মৃতদেহ।
স্থানীয় এজন লোকে মৃতদেহটো প্রত্যক্ষ কৰি শিৱসাগৰ আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ।
আৰু পঢ়কঃঅভয়াপুৰীত জাল নোট জব্দ
চাৰ্ট আৰু লুঙি পৰিহিত মৃতদেহটো উৱলি গৈ কংকালত পৰিণত হৈছে।
মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীয়ে ২০ দিন বা এমাহৰ পূৰ্বে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, অঞ্চলটোৰ এজন বনকৰা ল’ৰা বহুদিনৰ পৰা সন্ধানহীন হৈ আছিল।
পিছে এতিয়ালৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই।