নিউজ ডেস্কঃ শৈশৱ কাল খুবেই মধুৰ। শৈশৱ শব্দটোৰ লগত জড়িত হৈ থাকে অনেক স্মৃতি। শৈশৱৰ সোণোৱালী সময়বোৰত পাৰ কৰি অহা সময়বোৰ প্ৰত্য়েকৰ বাবেই হৈ ৰয় স্মৃতি।

জীৱনৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খনত উপস্থিত হৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আবেগিক হৈ পৰে। শিৱসাগৰৰ কোঁৱৰপুৰ বালিকা মজলীয়া বিদ্যালয়ত কিছু সময় কটাই পুৰণি দিনৰ মধুৰ স্মৃতি ৰোমন্থন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে।

”জীৱনৰ কোনোবা আলি কেঁকুৰিত তাহানিয়ে এৰি থৈ অহা, আমাৰ শৈশৱ-কৈশোৰৰ অলেখ স্মৃতিবিজড়িত, কোঁৱৰপুৰ বালিকা মজলীয়া বিদ্যালয়ত কিছু সময় কটাই স্বাভাৱিকতে নষ্টালজিক হৈ পৰো। পাখি লাহি পখিলা খেদা বয়সত এদিন ইয়াতেইআৰম্ভ হৈছিল আমাৰ শিক্ষা জীৱন। সমস্বৰে গোৱা পুৱাৰ প্ৰাৰ্থনা, লেইজাৰ আৰু ছুটীৰ ঘণ্টাধ্বনিয়ে দিয়া আনন্দ, সুৰ লগাই পঢ়া নেওতা  আৰু জোনবাইক বেজী বিচৰা পদ্য- এনে বহু কথাই মনত পৰিল। মুহূৰ্তৰ বাবে ল’ৰালিৰ সেই দিনবোৰ ঘূৰাই পোৱা যেন লাগিল। পিছে এয়া জানো সম্ভৱ? “সোণৰ শৈশৱ কাল গ’লে আৰু নাহে/পখিলাই কাণে কাণে কয়।”

বিদ্যালয়খনৰ বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক লগ পাই, তেওঁলোকৰ সৈতে মত বিনিময় কৰি অভিভূত হৈ পৰিলো। সকলোৰে ভাল হওক।

(“বালিকা” শব্দটো ভুলতে লিখা নাই। আমাৰ বিদ্যালয়খনৰ নাম “কোঁৱৰপুৰ বালিকা মজলীয়া বিদ্যালয়” যদিও তাত ল’ৰা-ছোৱালী সকলোৱে পঢ়ে। আগতেও পঢ়িছিল,আজিও পঢ়ে।)”

বিদ্যালয়খনত কিছু সময় কটাই ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰে ভাস্কৰজ্যোতি মহন্তই। পাৰ হৈ যোৱা ল’ৰালিক পুনৰ ৰোমন্থন কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এটা ফেচবুক প’ষ্ট কৰে।

লগতে পঢ়কঃসংবাদমাধ্যমত ওলোৱাৰ পিছতেই মাজুলীৰ বিজেপি প্ৰাৰ্থী ভূৱন গামৰ বিৰুদ্ধে তৎপৰ হ’ল কংগ্ৰেছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply