শিৱসাগৰঃ শিৱসাগৰত দিন দুপৰতেই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ ৷

আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নগৰৰ মাজমজিয়াৰ হস্পিতাল ৰোডৰ এখন ব্যৱসায়িক প্ৰতিস্থানৰ সন্মুখৰ পৰা ড্ৰাগছসহ আটক কৰে এগৰাকী মহিলাক ৷

মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে ১২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে ৷

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে ঠাৱৰ কৰিছে ৷

লগতে পঢ়কঃকলিয়াবৰত গৰু সৰবৰাহৰ লগত জড়িত দুজনক আটক

ধৃত মহিলাগৰাকী নগাঁৱৰ চুলতানা বেগম বুলি জানিব পৰা গৈছে।

নগৰৰ বি. জি. ৰোডত ভাড়াতীয়া হিচাবে বাস কৰা চুলতানাই বহু দিন ধৰি ড্ৰাগছৰ এই নিষিদ্ধ বেহা চলাই আহিছিল।

মহিলাগৰাকীক শিৱসাগৰ সদৰ থানাত আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply