আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত বৰষুণৰ মাজতে মাৰৱাৰী পট্টীৰ শ্ৰীৰাম ফাৰ্নিছিং নামৰ প্ৰতিষ্ঠানৰ সন্মুখত থকা বিদ্যুতৰ খুঁটাত হঠাৎ জুই লাগে।
অৱশ্যে ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ দমকলে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।
এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল নগৰৰ ব্যস্তত্বম ব্যৱসায়িক অঞ্চল।