শিৱসাগৰঃ মৌজোল ব্যৱসায়ৰ নামত গ্ৰাহকক প্ৰৱঞ্চনা। শিৱসাগৰত ভুৱা নাম লৈ ভেজাল মৌজোলৰ ব্যৱসায়ত এক দম্পতী। ক্ৰেতাক পতিয়ন নিয়াবৰ বাবে এওঁলোকে নিজৰ পৰিচয় গোপন কৰি লৈছে নেপালী পৰিচয়।

কিন্তু ৰাইজৰ আগত দম্পতীয়ে গুৱালা আৰু ললিতা নামৰে পৰিচয় দি যোৱা কিছুদিন ধৰি ব্যৱসায় আৰম্ভ কৰিছে শিৱসাগৰত। ডিব্ৰুগড়ৰ ফুলবাগানৰ পৰা অনা বুলি কৈ ডাঙৰ ডাঙৰ মৌচাক আগত লৈ ৰাইজক বিশুদ্ধ মৌজোলৰ যোগান ধৰিছে নিজকে নেপালী বুলি পৰিচয় দিয়া এই দম্পতীয়ে।

মাত্ৰ ৬০০টকা লিটাৰত যোগান ধৰা মৌচাকৰ লগত মৌজোল দেখি খৰখেদাকৈ বিশুদ্ধ মৌজোল ক্ৰয় কৰিছে গ্ৰাহকে।

দৰাচলতে তেওঁলোকে গ্ৰাহকক ৰাম ঠগন দি লগত ৰাখিছে শুকান মৌচাক। কুঁহিয়াৰ শালত চেপিলেও এই সমূহৰ পৰা কোন জোল বাহিৰ নহব। এই শুকান মৌচাক সমূহ দেখুৱাই কাঞ্চা দম্পতীয়ে বিক্ৰী কৰি আছে ভেজাল মৌজোল।

লগতে পঢ়কঃদুৰ্নীতিৰ বিৰুদ্ধে তেজপুৰত আছুৱে ফাদিল কৰিলে ভয়ানক তথ্য

মূৰত নেপালী টুপী, কপালত সেন্দুৰ লৈ শিৱসাগৰৰ দীপ ল’জত থকা এই নেপালী দম্পতীৰ আচল নাম আকবৰ আলী আৰু হাচিমা বেগম। তেওঁলোকে কেৱল ভেজাল মৌ বিক্ৰীৰ বাবে ধাৰণ কৰিছে ছদ্মাৱেশ। দুইজনৰে প্ৰকৃত ঠিকনা অসমৰ নহয় উত্তৰ প্ৰদেশৰ।

ঘটনা সন্দৰ্ভত ৰাইজ অৱগত হোৱাত মৌজোল বেপাৰী ছদ্মৱেশী আকবৰ আলীয়ে পলায়ন কৰে।

মৌজোলৰ ব্যৱসায়ত কৰিবলৈ আকবৰ-হাচিমাই নিজৰ পৰিচয় কিয় সলনি কৰিলে সেই লৈ ৰাইজৰ মাজত এতিয়া চৰ্চা চলিছে। প্ৰৱঞ্চনা ক’ত কৰিলে? ভেজাল মৌজোল বেচি নে নামৰ পৰিচয় সলনি কৰি…??

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply