শিৱসাগৰঃ শিৱসাগৰৰ কালুগাওঁ অঞ্চলৰ বৰপাত্ৰ পুখুৰীৰ পাৰত অৱস্থিত আহোম ৰজা শিৱ সিংহৰ দিনত নিৰ্মিত ঐতিহাসিক জগদাত্ৰী দৌল বৰ্তমান ধ্বংসৰ গৰাহঁত।
এই দ’লটোৰ কিছু কিছু ঠাই ভাঙি যোৱাও পৰিলক্ষিত হৈছে ।
আনহাতে দৌলটোৰ চাৰিওকাষে কোনো ধৰণৰ বেৰা নথকাৰ ফলত এতিয়া গৰু ছাগলীয়ে দৌলৰ চাৰিকাষে বসতি স্থল গঢ়ি তুলিছে । দৌলৰ ভিতৰত বাদুলিৰ লগতে সাপৰো বাসস্থান হৈ পৰিছে।
লগতে পঢ়কঃঅসম অৰুণাচল সীমান্তৱৰ্ত্তী মাটি পাহাৰ সংৰক্ষণৰ দাবী
বিভিন্ন সময়ত চৰকাৰে আঁচনি সমূহ মুকলি কৰিছে যদিও শিৱসাগৰ ৰৈ গৈছে এই আঁচনিৰ লগতে iconic city ৰ পৰাও ।
এই দৌলৰ কাষতে থকা বৰপাত্ৰ পুখুৰীতো অনিয়ম হৈছে কাৰণ পুখুৰী পাৰ আৰু পুখুৰী চাফা কৰাৰ বাবদ কোটি কোটি টকা আহিছে যদিও এই পুখুৰী বৰ্তমান খিয়তী গাই লৈ ৰূপান্তৰিত হৈছে।
শিৱসাগৰৰ ঐতিহ্য ধৰি ৰখাৰ ক্ষেত্ৰত প্ৰশাসনৰ লগতে শিৱসাগৰৰ পুৰাতত্ত্ব বিভাগ নিমাত।